A musical tribute to Assamese Legendary Folk artist Padmashri Pratima Pandey Barua , Composed & written by reknown composer/musician Kamal Kataki & Sung by Nilotpal Bora
Composed & written by Kamal Kataki
Singer : Nilotpal Bora
Music Production: Nilotpal Bora
Co-produced by Writuraj Gogoi & Rishiraj Gogoi
Guitars : Writuraj Gogoi
Strokes : Kandarpa Kalita
Live Bass : Joydeep Deb Ray
Mix Master : Diganta Bordoloi
Music assistant & sound engineer: Gauri Shankar Lahon at Sound Stories(Mumbai)
প্ৰতিমা দিদি
মাটিয়াবাগৰ এক কন্যাই ৰাজমহল এৰি
মাটিৰ জীৱনকে লৈছিলে বাছি
গদাধৰৰ পাৰৰ মাহুতৰ বিননি
প্ৰাণভৰি গাই গ’ল যুগমীয়া কৰি
তেৱেই আমাৰ মহিয়সী
প্ৰতিমা দিদি
গীতেৰেই যাচিছোঁ শ্ৰদ্ধাঞ্জলি
মৈষাল মাহুতৰে পাতি মিতিৰালি
গৌৰীপুৰীয়া মাটিৰ সুৰবোৰ লৈছিল বুটলি
ৰজাঘৰীয়া পৰম্পৰাৰ বান্ধোন ছিঙি
হস্তীৰ কন্যা হৈ পৰিল লালজীৰ জীয়ৰী
তেৱেই আমাৰ মাটিৰ মানষি
প্ৰতিমা দিদি
গীতেৰেই যাচিছোঁ শ্ৰদ্ধাঞ্জলি
মাটিয়াবাগৰ এক কন্যাই ৰাজমহল এৰি
মাটিৰ জীৱনকে লৈছিলে বাছি
গদাধৰৰ পাৰৰ মাহুতৰ বিননি
প্ৰাণভৰি গাই গ’ল যুগমীয়া কৰি
তেৱেই আমাৰ মাটিৰ মানষি
প্ৰতিমা দিদি
গীতেৰেই যাচিছোঁ শ্ৰদ্ধাঞ্জলি
গীতেৰেই যাচিছোঁ শ্ৰদ্ধাঞ্জলি
যাবাৰ কালে গেলুৰে তুই বুকে শেলো দি
হৃদয়ত থাপিলো তোমাৰ প্ৰতিমাখনি ।
Thanks For Viewing PRATIMA DIDI Lyrics প্ৰতিমা দিদি | Nilotpal Bora | A Tribute to Pratima Pandey Barua.