শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ
শেৱালি তুমি মোৰ প্ৰতি শৰতৰ
শেৱালি তুমি মোৰ হিয়াৰে কোণৰ
শেৱালি তুমি মোৰ ৰাগিনী গীতৰ
শুকুলা মেঘৰ দৰদী সৰগী সুৰীয়া প্ৰাণ
আছুতীয়া মৰমৰ সুৰ তুমিয়েই মোৰ গান
তুমি শেৱালি মোৰ প্ৰতি শৰতৰ
শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ
শেৱালি তুমি আহিবা ঐ
শাৰদী কুঁৱলী হৈ
শেৱালি তুমি যাবাগৈ
কুঁৱলী সিক্ত হৈ
শেৱালি তুমি আহিবা ঐ
শাৰদী কুঁৱলী হৈ
শেৱালি তুমি যাবাগৈ
কুঁৱলী সিক্ত হৈ
অ’ মোৰ সেমেকা মনক লৈ
জোনাকী বাটলৈ
অ’ মোৰ কাষতে বহি ৰৈ
থাকিবা শেষলৈ
শেৱালি তুমি মোৰ প্ৰতি শৰতৰ
শেৱালি তুমি মোৰ হিয়াৰে কোণৰ
শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ
শেৱালি তুমি মোৰ ৰাগিনী গীতৰ
মোৰ মিনতি তুমি
থাপনাৰ জেউতি ৰাণী
নিয়ৰ গৰকি তুমি
হোৱা লাজুকী জনী
মোৰ মিনতি তুমি
থাপনাৰ জেউতি ৰাণী
নিয়ৰ গৰকি তুমি
হোৱা লাজুকী জনী
পুৱা সৰি হোৱা তুমি কোমল দলিছা খনি
নাযাবা তুমি আঁতৰি
শেৱালি তুমি মোৰ প্ৰতি শৰতৰ
শেৱালি তুমি মোৰ হিয়াৰে কোণৰ
শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ
শেৱালি তুমি মোৰ ৰাগিনী গীতৰ
Thanks For Viewing Xewali Tumi Mur | শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ | Bhaskar Opswel – Xewali Lyrics.